পৰ্ণগ্ৰাফীৰ পিছত এইবাৰ প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত ৰাজ কুন্দ্ৰা আৰু শিল্পা চেট্টী

 11/14/2021 - 18:35
 
 
 
নিউজ ডেস্কঃ বিপদ যেন লগৰী হৈ পৰিছে কুন্দ্ৰা দম্পতীৰ বাবে। এইবাৰ এক প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত হৈছে ৰাজ কুন্দ্ৰা আৰু শিল্পা চেট্টী। মুম্বাইৰ বান্দ্ৰা আৰক্ষীয়ে দুয়োকে প্ৰৱঞ্চনাৰ গোচৰটোত অভিযুক্ত কৰিছে। নীতিন বৰাই নামৰ এজন ব্যক্তিয়ে শিল্পা চেট্টী আৰু তেওঁৰ স্বামী ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ তুলি থানাত এজাহাৰ দাখিল কৰিছিল। নীতিন বৰাইয়ে শিল্পা আৰু ৰাজৰ বিৰুদ্ধে ১.৫১ কোটি টকাৰ প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰিছে। নীতিনে কয় যে শিল্পা চেট্টী আৰু ৰাজ কুন্দ্ৰাই ২০১৪-২০১৫ বৰ্ষত এটা ফিটনেছ কোম্পানীৰ জৰিয়তে তেওঁক ১.৫১ কোটি টকাৰ প্ৰৱঞ্চনা কৰিছিল। নীতিন বৰাইৰ এজাহাৰৰ ওপৰত ভিত্তি কৰি শিল্পা চেট্টী আৰু ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে মুম্বাইৰ বান্দ্ৰা আৰক্ষীয়ে আইপিচিৰ ৪০৬, ৪০৯, ৪২০, ৫০৬, ৩৪ আৰু ১২০ (বি) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে বিষয়টোৰ ওপৰত জোৰদাৰ তদন্ত আৰম্ভ কৰিছে। এই গোচৰত জেৰাৰ সন্মুখীন হ’ব ৰাজ-শিল্পা। শিল্পা চেট্টী আৰু ৰাজ কুন্দ্ৰাক ধনৰ লেনদেনৰ ওপৰত প্ৰশ্ন কৰা হ’ব পাৰে।উল্লেখ্য যে পৰ্ণ ভিডিঅ’ বনোৱা আৰু আপলোড কৰাৰ ক্ষেত্ৰত ৰাজ কুন্দ্ৰা দীৰ্ঘদিন ধৰি কাৰাগাৰত বন্দী হৈ আছিল। ৰাজ কুন্দ্ৰাই বৰ্তমান জামিনত মুক্তি লাভ কৰিছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।