মোৰাঝাৰৰ নৌৱাবিলত মৰেল পুলিচৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত কেবাগৰাকী পুৰুষ মহিলা

 06/03/2019 - 20:48

লামডিংঃ দক্ষিণ নৌৱাবিল গাঁৱৰ এটা দুষ্ট চক্ৰৰ বিৰুদ্ধে মোৰাঝাৰ থানাত এজাহাৰ দিবলৈ আহিছিল গাঁওখনৰ ৰিবুল হক, নুৰুল হক,ৰিয়াজুল হক,ৰুবিনা বেগম,জয়নাল আহমেদ,ছবেজান বিবি নামৰ ব্যক্তি কেইজন৷ কিন্তু ৰাতি অধিক হোৱাৰ বাবে থানাৰ পৰা উভতি যোৱাৰ পথত এদল উগ্ৰ প্ৰকৃতিৰ লোকে সংঘটিত কৰে এই মৰেল পুলিচগিৰিৰ ঘটনা।

আইন হাতত লোৱা নৌৱাবিল গাঁৱৰ আব্দুল মান্নান,ফয়জুৰ ৰহমান,ফখৰ উদ্দিন,নজু উদ্দিন নামৰ অপৰাধী কেইটাক আৰক্ষীয়ে আটক কৰাতো দূৰৰে কথা ভুক্তভোগীক আটক কৰি বিভিন্ন ভয় ভাবুকি দিয়াৰ অভিযোগ উঠিছে। আৰক্ষীৰ এনে কৰ্মকাণ্ডত সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।