উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ গাতে চুলাইৰ অবাধ বেহা

 06/03/2019 - 20:55

গুৱাহাটীঃ উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ সমীপৰ ৰাঙলী পাহাৰত গঢ় লৈ উঠা চুলাই মদৰ ঘাটিয়ে ধ্বংসৰ মুখলৈ থেলিছে ভৱিষ্যত প্ৰজন্মক। জনৈক যতীন নামৰ ব্যক্তিজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে ৰাইজে। জানিব পৰা মতে ব্যক্তিজনে আৰক্ষীক মেনেজ কৰি চুলাইৰ ঘাটি গঢ়ি তুলিছে। যাৰ ফলত অঞ্চলটিৰ বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষাৰ্থী এতিয়া বৰবিহ চুলাইৰ কবলত।

চুলাই সেৱন কৰি বহু যুৱক অকালতে মৃুত্যুক সাবটিব লগীয়া হৈছে। স্থানীয় নাৰী সংগঠনে শীঘ্ৰে অসাধু চুলাই ব্যবসায়ীক আটক কৰি ব্যৱস্থা নল’লে প্ৰতিবাদী কাৰ্যসূচী লোৱা হ’ব বলি হুংকাৰ দিছে। ইফালে উত্তৰ গুৱাহাটীৰ পান দোকান, গেলামালৰ দোকানত সুলভ হৈ পৰিছে বিলাতী সুৰা। কামৰূপ আৰক্ষীয়ে অভিযানৰ নামত কমিছন লৈ অবৈধ ব্যবসায়ীসকলক উদগনি যোগোৱাৰ অভিযোগ কৰিছে ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।