ব্যক্তিগত শিক্ষানুষ্ঠানক নাকী লগাব ৰাজ্যৰ শিক্ষা বিভাগে

 06/03/2019 - 20:59

গুৱাহাটীঃ ৰাজ্যৰ শিক্ষাখণ্ডৰ ব্যক্তিগত শিক্ষানুষ্ঠানসমূহৰ অস্বাভাৱিক হাৰত মাচুল বৃদ্ধিৰ প্ৰসংগক এইবাৰ বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিব ৰাজ্যৰ শিক্ষা বিভাগে।

ব্যক্তিগত শিক্ষানুষ্ঠানৰ মাচুলৰ বিষয় সন্দৰ্ভত চোৱাচিতা কৰিবলৈ এসপ্তাহৰ ভিতৰত শিক্ষা বিভাগে গঠন কৰিব বিশেষ সমিতি।

এই সমিতিখনে মাচুল হ্ৰাস কৰাৰ বিভিন্ন দিশ চোৱা চিতা কৰিব। এই বিষয়ৰ সন্দৰ্ভত সোমবাৰে সংবাদ মাধ্যমক জনালে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।