নুমলীগড়ত মুক্ত বিচৰণ এটা আঘাতপ্ৰাপ্ত বন্যহস্তীৰঃ গুৰুত্ব নাই বকিয়াল খণ্ড বন কাৰ্যালয়ৰ

 11/16/2021 - 18:26
 
 
গোলাঘাটঃ নুমলীগড়ৰ বৃহত্তৰ মৰঙী মৌজাত বৰ্তমানেও অব্যাহত আছে হাতী-মানুহৰ সংঘাত। প্ৰায় ৪মাহ দিন ধৰি এটা বৃহৎ বন্যহাতীৰ জাক মৰঙিৰ ভিন্ন প্ৰান্তত বিচৰণ কৰি আহিছে। এই জাকটোৰ মাজতে এটা আঘাতপ্ৰাপ্ত হাতী ভোকৰ তাৰণাত জনাঞ্চলত মুক্ত বিচৰণ কৰি আহিছে। পকা ধাননী পথাৰত উৰে নিশা খাই গচকি তহিলং কৰে পকা ধাননি পথাৰ।
 
ইফালে হাতীৰ জাকটোৰ লগত বিচৰণ কৰি আছে আঘাতপ্ৰাপ্ত এটা হাতীয়ে যাৰ বাবে পুৱা বহুসময় ধাননি পথাৰৰ মাজতে আবদ্ধ হৈ থাকে হাতীৰ জাকটো। হাতীটোৰ পিছ ভৰিৰ লগতে গাৰ ভিন্ন অংশত আঘাতৰ চিন স্পষ্টকৈ দেখা গৈছে। কিন্তু সকলো জানিও বকিয়াল খণ্ড বন কাৰ্য্যালয়ৰ বন বিষয়া কুলদ্বীপ বৰ্মন আৰু বন কৰ্মীসকলৰ খবৰ লবলৈ আহৰি নাই হাতীটোৰ। বৰ্তমান পৰ্যন্ত কৰা নাই চিকিৎসাৰ ব্যৱস্থা।
 
স্থানীয়লোকৰ সন্দেহ অতি শীৰ্ঘে হাতীটোৰ চিকিৎসাৰ ব্যৱস্থা নকৰিলে যি কোনো সময়তে মৃত্যুমুখত পৰিব পাৰে হাতীটো। এনেদৰে এতিয়া প্ৰত্যেক দিনাই  অব্যাহত থকা  হাতী-মানুহৰ সংঘাতৰ ফলত বন্যহস্তী আঘাতপ্ৰাপ্ত হব লগাই হৈছে নুমলীগড়ত।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।