দিল্লীত প্ৰদূষণৰ বাবে সকলো শিক্ষানুষ্ঠান অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা

 11/17/2021 - 14:01
 
 
নিউজ ডেস্কঃ বৰ্ধিত প্ৰদূষণৰ বাবে নিৰ্দেশ দিল্লী চৰকাৰৰ। দিল্লীত সকলো শিক্ষানুষ্ঠান অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা। কেৱল অনলাইন মাধ্যমেৰেহে হ’ব পাঠদান। ক’মেও ৫০% চৰকাৰী কৰ্মচাৰীৰ বাবে ৱৰ্ক ফ্ৰম হোম ঘোষণা। ৩০ নৱেম্বৰলৈ বন্ধ থাকিব তাপবিদ্যুৎ কেন্দ্ৰসমূহ। মাত্ৰ ৫ টা হে সক্ৰিয় হৈ থাকিব। দিল্লীত ট্ৰাক প্ৰৱেশত নিষেধাজ্ঞা। কেৱল অত্যাৱশ্যকীয় সামগ্ৰীবাহী ট্ৰাকসমূহে প্ৰৱেশৰ অনুমতি। ১০ বছৰতকৈ অধিক পুৰণি ডিজেলচালিত বাহন চলাচলত নিষেধাজ্ঞা। ১৫ বছৰতকৈ অধিক পুৰণি প্ৰেট্ৰ’লচালিত বাহন চলাচলত নিষেধাজ্ঞা।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।