হঠাৎ বিমানত অসুস্থ হ’ল যাত্ৰী, প্ৰাণৰক্ষা কৰিলে কেন্দ্ৰীয় মন্ত্ৰীয়ে

 11/17/2021 - 14:30
 
 
নিউজ ডেস্কঃ দিল্লী-মুম্বাই মাজৰ এখন বিমান উৰণৰ পাছত এজন যাত্ৰী হঠাৎ অসুস্থ হৈ পৰে। তাৰপাছত শিশু ৰোগ বিশেষজ্ঞ তথা কেন্দ্ৰীয় মন্ত্ৰী কৰাডে যাত্ৰীগৰাকীক প্ৰাথমিক চিকিৎসা প্ৰদান কৰে।
 
ইফালে, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, যাত্ৰীগৰাকীৰ হঠাৎ ৰক্তচাপজনিত সমস্যা দেখা দিয়ে। তাৰপাছত তেওঁক প্ৰাথমিক চিকিৎসা প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে। কেন্দ্ৰীয় মন্ত্ৰী ভাগৱত কৰাডক প্ৰশংসা কৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। প্ৰধানমন্ত্ৰী মোডীয়ে ছ’চিয়েল মিডিয়াত লিখে যে- সদায় হৃদয়ৰ পৰা এজন চিকিৎসক। মোৰ সহযোগীৰ দ্বাৰা কৰা এয়া এক প্ৰশংসনীয় কাম।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।