11/17/2021 - 15:00
in
জামুগুৰিহাটঃ জামুগুৰিহাটৰ হাবিপালত দুটাকৈ পুখুৰীত মঙলবাৰে নিশা কোনো দুষ্কৃতিকাৰীয়ে বিহ দি লক্ষাধিক টকাৰ মাছ নিধন কৰে। আজি পুৱাৰ ভাগত এই ঘটনা পোহৰলৈ অহাত সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
অঞ্চলটোৰ যুৱক অঞ্জন বৰা আৰু ৰাজু নেৱাৰ নামৰ ব্যক্তিজনে বেংকৰ পৰা ঋণলৈ পৃথকে পৃথকে দুটাকৈ পুখুৰীত মাছৰ পোনা দি মস্যপালন কৰিছিল যদিও মঙলবাৰে নিশাৰ ভাগত কোনো দুষ্কৃতিকাৰীয়ে পুখুৰীৰ পানীত বিহ দিয়াৰ ফলত পুখুৰীত থকা শ শ মাছৰ মৃত্যু হয়। আজি পুৱাৰ ভাগত এইদৰে পুখুৰীত মৃত মাছসমূহ উপঙি থকা দেখা পাই কিংকৰ্তব্যবিমুঢ় হৈ পৰে দুয়োগৰাকী।
ইতিমধ্যে দুয়োগৰাকী ব্যক্তিয়েই এই সন্দৰ্ভত জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। মনকৰিবলগীয়া যে বেংকৰ পৰা ঋণ লৈ মৎস্য পালনৰে স্বাৱলম্বিতাৰ পথ বাছি লোৱা এই দুয়োগৰাকী লোকৰ স্বাবলম্বিতাৰ সোণোৱালী সপোন একাংশ পৰশ্ৰীকাতৰ লোকৰ বাবে চূৰমাৰ হ'ল।