11/17/2021 - 16:01
in
নিউজ ডেস্কঃ আজি ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত ৰণোজ পেগুৱে ক'লে- অসম চৰকাৰৰ শিক্ষা বিভাগ আৰু শংকৰদেৱ ৰিচাৰ্ছ ফাউণ্ডেশ্যনৰ উদ্যোগত ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ আধাৰত উত্তৰ পূৱ শৈক্ষিক সন্মিলন অনুষ্ঠিত হ'ব।এই অনুষ্ঠান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব। ২০ আৰু ২১ নৱেম্বৰত অনুষ্ঠিত হবলগীয়া এই অনুষ্ঠানত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধমেন্দ্ৰ প্ৰধান উপস্থিত থাকিব।ৰাজ্যৰ সকলো কলেজৰ অধ্যক্ষ,সকলো অভিযান্ত্ৰিক অধ্যক্ষৰ সৈতে আলোচনা হ'ব। পাঁচটা ছেশ্যন হ'ব।পেচাগত শিক্ষা, বিদ্যালয় অধ্যক্ষ, প্ৰধানশিক্ষক,ব্যৱস্থাপনা সমিতি আৰু বিদ্যালয়ৰ শিক্ষক সকলৰ সৈতেও হ'ব আলোচনা।নতুন শিক্ষানীতিৰ দিশ ৰূপায়ন কৰাৰ কাম আৰম্ভ হৈছে।অসমৰ সকলো শিক্ষানুষ্ঠানত ২০২২ ৰ পৰা ২০২৩ ৰ ভিতৰত প্ৰয়োজ্য হ'ব।মঙলবাৰে নিপুণ অসম অভিযান মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভণি কৰিছে। মাৰ্চত নতুনকৈ শিক্ষক নিযুক্তি দিয়া হ'ব। নতুন গাঁথনিৰ শিক্ষাদান কৰিব এই শিক্ষকসকলে।এতিয়াও একাদশ বিজ্ঞান শাখাত ছাত্ৰ-ছাত্ৰী নামভৰ্তি কৰিবলৈ ইচ্ছুক নহয়। এতিয়াও বিদ্যালয়-মহাবিদ্যালয়ৰ ৮০ ৰ পৰা ৯০ শতাংশ আসন পূৰণ হৈছে। এতিয়াও ১০ ৰ পৰা ২০ শতাংশ বাকী আছে। ছাত্ৰ-ছাত্ৰী বিজ্ঞান আৰু গণিত পঢ়িবলৈ বেয়া পায়। সেইকাৰণে এতিয়াৰ পৰা আপাৰ প্ৰাইমাৰী শ্ৰেণীৰ পৰাই বিজ্ঞান আৰু গণিতক গুৰুত্ব দিয়া হব।২৭ নৱেম্বৰত নতুন কলেজ শিক্ষকক নিযুক্তি দিয়া হ'ব।