11/17/2021 - 16:39
in
শালবাৰীঃ শালবাৰী কলেজ, দক্ষিন বিজনী কলেজ আৰু বিবি কিষাণ কলেজত প্ৰতিবাদ এবছুৰ। বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক অপসাৰণৰ দাবীত এই প্ৰতিবাদ। হাতে হাতে বেনাৰ, প্লেকাৰ্ড লৈ বড়োলেণ্ড বিশ্ববিদ্যালয়ত বিটিআৰ এলেকাৰ পৰাই নিয়মীয়া পঞ্জীয়ক নিযুক্তি দিয়া, পঞ্জীয়ক নিযুক্তিৰ পূৰ্বে সকলো ধৰণৰ উচ্চ পৰ্যায়ৰ সিদ্ধান্ত বন্ধ ৰখা, কাৰ্যনিৰ্বাহক পৰিষদ বৈঠকৰ পূৰ্বে বিশ্ববিদ্যালয়ৰ ক'ৰ্ট সভা অনুষ্ঠিত কৰা, কাৰ্যনিৰ্বাহক পৰিষদৰ খালী হৈ থকা পদসমূহ পূৰণ কৰা, সময়মতে পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে ফলাফল ঘোষণাৰ দাবীৰে সাব্যস্ত কৰে প্ৰতিবাদ। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ বাক্সা জিলা এবছুৰ সভাপতি উমেশ দৈমাৰীৰ।