কিমান নিষ্ঠুৰ হ'লে পিতৃ-মাতৃয়ে এৰি থৈ যাব পাৰে নিজ সন্তানক, হোজাইৰ কাকীৰ এটি শিশুৰ কৰুণ কাহিনী

 11/17/2021 - 17:32
 
 
লংকাঃ সীতানগৰ গাঁৱৰ এটি শিশুৰ কৰুণ কাহিনী৷ তেৰ বছৰ বয়সত পিতৃ-মাতৃ অবিহনে কটাইছে এটা দুৰ্ভিক্ষৰ জীৱন৷ শিশুটিৰ নাম বিকাশ বসুমতাৰী, বয়স আনুমানিক তেৰ বছৰ৷ গাঁৱৰ ৰাইজৰ পৰা খুজি-মাগি পেটৰ ভোক নিবাৰণ কৰিছে শিশুটোৱে৷ মাতৃৰ নামত থকা ৰেচন কাৰ্ডখনো আধাৰ কাৰ্ড জমা দিব নোৱাৰা কাৰণে বন্ধ হৈ গল৷
 
এতিয়া শিশুটো একমাত্ৰ আশা ভৰষাৰস্থল গাঁওবাসী৷ পঢ়ি-শুনি ডাঙৰ মানুহ হোৱা সপোন ৰচাৰ সময়তে বিদ্যালয় এৰি শিশুটোৱে ডাঙৰ হলে দিন হাজিৰা কৰি খোৱাৰ সপোন দেখিছে৷ বিকাশৰ এঘাৰ বছৰ বয়সতে মাতৃ নিলীমা বসুমতাৰী পলাই যায় অন্য পুৰুষলৈ৷ বাৰ বছৰ বয়সত পুনৰ নিঠৰুৱা কৰি বিকাশৰ পিতৃ কৃষ্ণ বসুমতাৰী পলাই যায় ঘৰৰ পৰা৷ কৃষ্ণ বসুমতাৰী পলাই যোৱা পূৰ্বে সকলো মাটি-বাৰী বিক্ৰী কৰি যোৱাৰ লগতে বিকাশক দি থৈ যায় কেইবালক্ষ টকাৰ ঋণৰ বোজা৷ একমাত্ৰ বহি থকা ভেটিটো ৰাজহুৱা ঋণৰ বাবে ৰাইজে দখল কৰাৰ সম্ভাৱনাও আছে বুলি জনালে স্থানীয় এজন লোকে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।