11/17/2021 - 18:17
in
সৰুপথাৰঃ গোলাঘাট জিলাৰ সৰুপথাৰত কোটি টকীয়া চৰকাৰী আঁচনিৰ দুৰৱস্থা! বহু বছৰ উকলি যোৱাৰ পিছতো কাৰ্য্যক্ষম হৈ নুঠিল এই আঁচনি।কালক্ৰমত জহিখহি গৈছে পানী যোগানৰ বাবে অনা সা-সামগ্ৰী। চাৰিওফালে হাবিয়ে আৱৰি ধৰিছে বৰঞ্চ ভোট বাংলালৈ পৰিণত হৈছে পানী যোগান আঁচনিৰ ঘৰসমূহ। NLCPR ৰ অধীনত আৱন্তিত ১০২৯.৩৫ লাখ টকা কামৰ নমুনা এইয়া। চৰকাৰী টকাৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে বিভাগীয় কৰ্তৃপক্ষ তথা ঠিকাদাৰ বিৰুদ্ধে। জাঙুৰ খাই উঠিছে দল-সংগঠন। শীঘ্ৰেই তদন্তৰ দাবী জনাইছে এই পানী যোগান আঁচনিটোৰ ওপৰত।