কংগনাক লৈ শেহতীয়া আলোচনা, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হ’ব নেকি কংগনা ৰাণাৱট..

 11/17/2021 - 18:27
 
 
 
নিউজ ডেস্কঃ বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটে এইবাৰ লক্ষ্য কৰি ল’লে জাতিৰ পিতা মহাত্মা গান্ধীক৷ মহাত্মা গান্ধীৰ অহিংস নীতিক চৰম তাচ্চিল্য কৰি পুনৰ বিতৰ্কত সোমাই পৰিল কংগনা। মহাত্মা গান্ধীৰ এটি জনপ্ৰিয় নীতি হ’ল-”তোমাক যদি এখন গালত কোনোবাই চৰ মাৰে তেন্তে আনখন গালো পাতি দিবা।” এই নীতিৰে বাপুজীয়ে মানুহক অহিংসাৰ শিক্ষা দিছিল। মঙলবাৰে ‘অহিংসা পৰম ধৰ্ম’ক তাচ্চিল্য কৰি কংগনাই কয় যে, ”আনখন গাল পাতি দিলে ভিক্ষাহে পাই স্বাধীনতা নাপায়৷ ১৯৪৭ চনত দেশে লাভ কৰা স্বাধীনতা ব্ৰিটিছে দিয়া ভিক্ষা আছিল৷
 
মহাত্মা গান্ধীয়ে আমাক শিকাইছিল যে, কোনোবাই এখন গালত চৰ মাৰিলে আনখন গাল পাতি দিব লাগে৷ এইদৰেই স্বাধীনতা পোৱাতো অসম্ভৱ৷ এনেকৈ কোনেও স্বাধীনতা পাব নোৱাৰে, ভিক্ষাহে পাব৷”যিগৰাকী মহাত্মা গান্ধীৰ নেতৃত্বত দেশে স্বাধীনতা লাভ কৰিছিল সেইগৰাকী মহাত্মা গান্ধীকে তুচ্চ-তাচ্ছিল্ল্য কৰিবলৈ স্পৰ্ধা কৰা কংগনাক নাকী লগাব কোনে? দেশক লৈ ইটোৰ পিছত সিটো বিতৰ্কিত মন্তব্য কৰা কংগনা কেন্দ্ৰৰ বিজেপি চৰকাৰৰ মদদপুষ্ট নেকি বুলিও উঠিছে সন্দেহৰ আঙুলি।
 
বিতৰ্কিত মন্তব্যৰ বাবেই টুইটাৰ কৰ্তৃপক্ষই ইতিমধ্যেই কংগনাৰ একাউণ্ট ব্লক কৰি দিছে।অনবৰতে ৰাজনৈতিকভাবে সক্ৰিয় মন্তব্য কৰি সৰৱ হৈ থকা কংগনাক লৈ শেহতীয়াকৈ আলোচনা চলিছে যে ৰাজনৈতিক পথাৰত খোজ দিব নেকি কংগনা ৰাণাৱটে। ইটোৰ পিছত সিটো ৰাজনৈতিক মন্তব্য কৰি থকা কংগনাই হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছে নেকি বুলিও চলিছে চৰ্চা।
 
কেন্দ্ৰত নৰেন্দ্ৰ মোদী শাসনত থাকিলে কংগনা ৰাণাৱটৰ সেই সপোন পূৰণ হ’ব পাৰে বুলিও অনেক লোকৰ মনলৈ ধাৰণা আহিছে।অভিনেত্ৰী আৰু ৰাজনৈতিক ক্ষেত্ৰখনৰ সম্পৰ্ক বহু গভীৰ। অভিনেত্ৰী জয়াললিতা, জয়া বচ্চন, জয়া প্ৰদা, হেমা মালিনী, স্মৃতি ইৰাণী আদিয়ে ৰাজনৈতিক পথাৰত সফলতাৰ খোজ দি নজিৰ সৃষ্টি কৰিছে, তেনেক্ষেত্ৰত এইসকল অভিনেত্ৰীৰ পাছে পাছে কংগনা ৰাণাৱটেও বাট বোলাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি বুলি চৰ্চা আৰম্ভ হৈছে। কংগনা ৰাণাৱটৰ লক্ষ্য কি সেয়া পৰৱৰ্তী সময়তহে হ’ব লক্ষ্যণীয়। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।