বাক্সাৰ খাৰিজা বিজনীতো আৰম্ভ হৈছে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ

 11/19/2021 - 12:13
 
 
শালবাৰীঃ খাৰিজা বিজনীৰ ওদালগুৰীত ৫ দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লৈছে ৰাস মহোৎসৱ। সেই উপলক্ষে বৃহস্পতিবাৰে ৰাস মহোৎসৱৰ মুখ্য প্ৰৱেশদ্বাৰ আৰু মন্দিৰৰ দ্বাৰ উন্মোচন কৰা হয়।
 
দ্বাৰ উন্মোচন কৰে মথনগুৰী সমষ্টিৰ TCLCCৰ চেয়াৰমেন বিনয় বৈশ্যই। ভাগৱত পাঠ, নাম কীৰ্তন আদিৰে আৰম্ভ হোৱা ৰাস মহোৎসৱৰ প্ৰথম দিনটোত বহুসংখ্যক ভক্তপ্ৰাণ ৰাইজৰ ভিৰ দেখা যায়। উল্লেখ্য যে সম্পূৰ্ণ ক'ভিড প্ৰটকল মানি ৰাস মহোৎসৱৰ আয়োজন কৰা বুলি আয়োজকে জানিবলৈ দিয়ে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।