ঈদ উপলক্ষে বালাভিটাত সাহায্য বিতৰণ বিপিএফৰ কোষাধ্যক্ষ আব্দুল ৰৌফৰ

 06/04/2019 - 12:35

হাউলীঃ বৰপেটা জিলা বিপিএফৰ কোষাধ্যক্ষ তথা সমাজকৰ্মী আব্দুল ৰৌফৰ আৰ্থিক সহযোগত আৰু ৪৭ নং কলহভাঙ্গা গাঁও পঞ্চায়তৰ প্ৰাইমাৰী বিপিএফ কমিটিৰ উদ্যোগত আগন্তুক পৱিত্ৰ ঈদ-উল ফিতৰ উপলক্ষে আজি ৰাতিপুৱা ৮ বজাত পৰা বালাভিটাত গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি জাকিৰ হুছেইনৰ পৌৰোহিত্যত সাহায্য বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত কাৰ্যসূচীত ৰায়পুৰ,যশিহাটী,ভালুকী চৰ,শালমাৰা,বালাভিটা আৰু বেঁকীৰপাৰ আদি গাঁৱৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ দুখীয়া-দৰিদ্ৰ প্ৰায় ৫ শতাধিক পুৰুষ-মহিলাৰ মাজত শাড়ী, লুঙী, চাউল-চেনী, চেঁৱই আদি বিতৰণ কৰে।

উক্ত অনুষ্ঠানত বৰপেটা জিলা বিপিএফৰ উপ সভাপতি মুজাম্মিল হ'ক,কলহভাঙ্গা গাঁও পঞ্চায়তৰ সভাপতি সম্পাদক মতিউৰ ৰহমান,ইকবাল হুছেইন,সমাজকৰ্মী খাইৰুল ইছলাম, বৰপেটা জিলা আমছুৰ উপ সভাপতি আব্দুল জুব্বাৰ আলী,জহুৰ উদ্দিন(ভুট্টু),বিল্লাল হুছেইন আৰু শ্বাহজাহান আলী আদি বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকি সমূহ অসমবাসী ৰাইজলৈ পৱিত্ৰ ঈদুল ফিতৰৰ আন্তৰিক শুভেচ্ছা জনােৱাৰ লগতে অসমৰ সমূহ জাতি-জনগোষ্ঠীৰ মাজত শান্তি -সম্প্ৰীতি অটুট থাকে তাৰ বাবে সৃষ্টিকৰ্তাৰ ওচৰত প্ৰাৰ্থনা জনায়| পৱিত্ৰ ঈদৰ সময়ত আনকি হিন্দু সম্প্ৰদায়ৰ বিভিন্ন পূজা-পাৰ্বনতো আব্দুল ৰৌফে তেওঁৰ অৰ্থ সাহায্যৰে ইতিমধ্যে দান-বৰঙণি আগবঢ়ায় অহাটো সৰ্বজনবিদিত। তেওঁৰ এনে প্ৰচেষ্টাত স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰি অভিনন্দন জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।