বৰক্ষেত্ৰীৰ বৰতলাত বিৰিণা গোষ্ঠী অসমৰ প্ৰতিমহীয়া সাহিত্য আলাপ "বিৰিণা বৈভৱ", আৰু বিহগী কবি ৰঘুনাথ চৌধাৰীৰ স্মৃতি দিৱস পালন

 11/19/2021 - 12:38
 
 
পূৱ বৰপেটাঃ নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ বৰতলাৰ লক্ষ্মীমন্দিৰৰ সভাগৃহত বৃহস্পতিবাৰে বিৰিণা গোষ্ঠী অসমৰ প্ৰতিমহীয়া সাহিত্য আলাপ "বিৰিণা বৈভৱ", আৰু "বিহগী কবি ৰঘুনাথ চৌধাৰীৰ স্মৃতি দিৱস পালন" কৰা হয়। ইয়াৰ লগত সংগতি ৰাখি গ্ৰন্থ উন্মোচন আৰু বঁটা প্ৰদান অনুষ্ঠানো অনুষ্ঠিত হৈ যায়।
 
পুৱা ১০ বজাত বিৰিণা গোষ্ঠীৰ পতাকা উত্তোলন কৰে গোষ্ঠীটোৰ কেন্দ্ৰীয় সভাপতি লীলাধৰ পাঠকে। দিনৰ ২ বজাত গোষ্ঠীটোৰ সভাপতি লীলাধৰ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত হয় বিহগী কবি ৰঘুনাথ চৌধাৰীৰ স্মৃতিচাৰণ অনুষ্ঠান আৰু সাহিত্য আলাপ। গোষ্ঠীটোৰ সম্পাদক তফিকুৰ ৰহমানে উদ্দেশ্য ব্যাখ্যা কৰা স্মৃতিচাৰণ সভাখনত আদৰণি ভাষণ প্ৰদান কৰে অনুষ্ঠানটোৰ আহ্বায়ক সংগীতা মেধিয়ে।
 
বন্তি প্ৰজ্বালন কৰে মানেৰী সত্ৰৰ সত্ৰাধিকাৰ ধৰ্মনাৰায়ণ গোস্বামীয়ে। ৰঘুনাথ চৌধাৰীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে দৌলাশাল জিলা পৰিষদৰ সদস্য বিৰাজ মেধিয়ে। সমূহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে বৰক্ষেত্ৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি প্ৰীতম গোস্বামীয়ে। উদ্বোধনী ভাষণ প্ৰদান কৰে সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰে। কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ মাধুৰ্য্যমণ্ডিত বৰুৱাই সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি ৰঘুনাথ চৌধাৰীৰ জীৱন-দৰ্শন, সৃষ্টিৰাজিৰ ওপৰত বিস্তৃত আলোচনা আগবঢ়ায়।
 
ইয়াৰ উপৰিও ডঃ বৰুৱাই বিৰিণাৰ দ্বাৰা প্ৰকাশিত কাব্য আলোচনী বীথিকা উন্মোচন কৰে। অনুষ্ঠানটোত জনপ্ৰিয় অভিনেতা -নাট্যকাৰ ভাস্কৰ বৰ্মনক ৰঘুনাথ চৌধাৰী সোঁৱৰণী বিশেষ বঁটা প্ৰদান কৰে বিৰিণা গোষ্ঠী অসমে। গোষ্ঠীটোৰ হৈ বিশিষ্ট সাহিত্যিক-গৱেষক ডঃ মাধুৰ্য্যমণ্ডিত বৰুৱাই প্ৰদান কৰে এই বঁটা।
 
প্ৰায় কুৰিগৰাকী নবীন-প্ৰবীন কবিয়ে কবিতা পাঠ কৰাৰ লগতে গীত আৰু কথাৰে অনুষ্ঠানটো জীপাল কৰি তোলে।  বিশিষ্ট সমাজসেৱক তথা জ্যেষ্ঠ অভিযন্তা শশীভূষণ ডেকা, বিৰিণাৰ উপদেষ্টা ৰোহিণী কুমাৰ দাসে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। আহ্বায়ক জয়ন্ত ডেকাই শলাগৰ শৰাই আগবঢ়োৱাৰ পিছত অসম সংগীত পৰিবেশন কৰি অনুষ্ঠানৰ সামৰণি পেলায়।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।