ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰত আৰক্ষীৰ অভিযানঃ বৃহৎ পৰিমাণৰ পি ডি এছৰ চোৰাং চাউল জব্দ

 11/19/2021 - 13:18
 
 
ধুবুৰীঃ বৃহস্পতিবাৰে ধুবুৰীৰ নিউঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত এক গোপন খবৰৰ ভিত্তিত ধুবুৰীৰ এ এম কো ৰোড আৰক্ষীৰ দল এটাই অভিযান চলায়। নিউঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা যন্ত্ৰ চালিত নাওঁৰ জৰিয়তে সীমান্তৰ পাটামাৰী-টাকিমাৰী অঞ্চললৈ নিয়াৰ চেষ্টা চলোৱাৰ সময়তে আৰক্ষীয়ে চলায় অভিযান। আৰক্ষীৰ উমান পাই বগা চাউলৰ চোৰাং বেপাৰী পলাই সাৰে যদিও আৰক্ষীয়ে ৩৯ বস্তা চোৰাং চাউল জব্দ কৰিবলৈ সক্ষম হয়।
 
উল্লেখ্য যে, ৩৯ টা বস্তাত প্ৰায় ২০ কুইণ্টল চাউল থকাৰ অনুমান কৰা হৈছে। আৰক্ষীয়ে এয়া অবৈধ আৰু চোৰাং চাউল বুলি সন্দেহ কৰিছে। উল্লেখ্য যে, দীৰ্ঘদিনৰে পৰা এটা চক্ৰই ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ এনে বগা চাউলৰ কলা বজাৰ চলাই অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে। যদিও এতিয়া চোৰাংকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে কিদৰে অভিযান চলাব সেয়াই লক্ষ্যণীয় বিষয়?
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।