শোণিতপুৰৰ ৰঙাপৰাত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত দুজন সেনা জোৱান

 06/04/2019 - 12:58

তেজপুৰঃ শোণিতপুৰৰ ৰঙাপৰাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এখন সেনা বাহিনীৰ বাহন দুৰ্ঘটনাত পতিত হোৱাত থিতাতে নিহত হৈছে দুজন সেনা জোৱান।

ফুলবাৰী সেনা শিবিৰৰ পৰা ৰঙাপৰা অভিমুখী বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই পথত বাগৰি পৰে। দুৰ্ঘটনাটোত গুৰুতৰ ভাৱে আহত হৈছে আন এজন সেনা জোৱান।

আহত জোৱানজনক ততাতৈয়াকৈ হস্পতালত ভৰ্তি কৰোৱা হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।