আমেৰিকাৰ ৰাষ্ট্ৰপতি হ’ব কমলা হেৰিছ..

 11/20/2021 - 12:43
 
 
 
 
নিউজ ডেস্কঃ কমলা হেৰিছ আমেৰিকা যুক্তৰাষ্টৰ ৪৯ তম উপৰাষ্ট্ৰপতি৷ তেওঁ আমেৰিকা যুক্তৰাষ্টৰ প্ৰথম গৰাকী মহিলা উপৰাষ্ট্ৰপতি৷চিকিৎসাধীন কাৰণত বৰ্তমান আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন সাময়িকভাৱে ৰাষ্ট্ৰপতি পদৰ পৰা অব্যাহতি লৈছে৷ তেওঁৰ অনুপস্থিতিত বৰ্তমান আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে ৰাষ্ট্ৰপতিৰ পদৰ দৰে সৰ্ব্বোচ্ছ পদত অধিষ্ঠিত হ’ব৷
 
হোৱাইট হাউচৰ সূত্ৰ অনুসৰি, ৰাষ্ট্ৰপতি জ’ বাইডেন এনাচষ্টেচিয়াচ গ্ৰহণ কৰিব লগা হোৱা কাৰণে অলপ দিনৰ বাবে অচেতন হৈ থাকিব৷ জ’ বাইডেনৰ অনুপস্থিতিত বৰ্তমান কমলা হেৰিছে আমেৰিকাৰ সকলো দায়িত্ব মুৰ পাতি ল’ব লাগিব৷ অৱশ্যে আমেৰিকাৰ ইতিহাসত এনে কথা কোনো নতুন নহয়৷ পূৰ্বতেও ২০০২ আৰু ২০০৭ চনত তদানীন্তন ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুশে চিকিৎসাৰ বাবে ছুটি লৈছিল। সেই সময়তো, তেতিয়াৰ উপ-ৰাষ্ট্ৰপতিক অস্থায়ী ৰাষ্ট্ৰপতি কৰা হিচাপে নিযুক্তি দিছিল৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।