11/20/2021 - 13:25
in
কৰিমগঞ্জঃ কৰিমগঞ্জ আৰক্ষীৰ জালত তিনি মহিলা লুণ্ঠনকাৰী| মহিলাসকলে কলা যাদুৰ নামত কৌশলৰে বহুলোকৰ পৰা কেইবালাখ টকা লুণ্ঠন আত্মসাৎ কৰিছে| অধিকাংশ ক্ষেত্ৰত মহিলাসকলক স্বামী বা পুত্ৰৰ ক্ষতি হোৱাৰ ভয় দেখুৱাই অন্ধবিশ্বাসত আবদ্ধ কৰি লুণ্ঠন চলাইছিল| অৱশেষত কেইজন লোকৰ অভিযোগৰ ভিত্তিত কৰিমগঞ্জ সদৰ থানাৰ আৰক্ষীয়ে ঘটনাত জড়িত তিনি গৰাকী মহিলাসহ সহায় কৰা এজন যুৱকক শুকুৰবাৰ ৰাতি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়| গ্ৰেপ্তাৰ হোৱা তিনি গৰাকী প্ৰতাৰক মহিলাৰ নাম নিৰ্মলা নমসুদ্ৰ, ৰুমা নমসুদ্ৰ আৰু কল্পনা নমসুদ্ৰ| দুজনৰ ঘৰ কৰিমগঞ্জ চহৰৰ MMC ৰোডত, এজনৰ ঘৰ কালিগঞ্জত| এই সকলে আচলতে বনকৰা মহিলাক আয়ত্বত আনি ঘৰৰ গৰাকীৰ সৈতে পৰিচয় কৰি পৰৱৰ্তিত অসৎ কাৰ্য্য সম্পন্ন কৰে| এনদৰে কমেও ৩৫টাকৈ পৰিৱালক প্ৰতাৰণা কৰি প্ৰায় ৪০ লক্ষ টকা আত্মসাৎ কৰাৰ অভিযোগ পোৱা গৈছে|