11/20/2021 - 13:44
in
সৰুপথাৰঃ উন্নয়নৰ মুখ নেদেখা অসমৰ এখন গাঁও। একবিংশ শতিকাটো ৰোগীক চিকিৎসালয়লৈ নিবলৈ তেওঁলোকৰ একমাত্ৰ সাৰথি এখন ঠেলা অথবা ভাৰ। নোসোমাই ১০৮ ৰ বাহনো। নাই এটা ভাল লেটিন। নাই পোৱা এটা ভাল আৱাস গৃহ। গাঁওখনৰ বিৱৰণ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ ১নং চুঙাজান গাঁও পঞ্চায়তৰ অন্তৰ্গত জ্যোতিবন গাঁৱৰ। বছৰ বছৰ ধৰি এনে দৰেই যমৰ যন্ত্ৰণাৰ সন্মুখীন হৈছে জ্যোতিবন গাঁৱৰ ৰাইজে। উপায়ন্তৰ হৈ চৰকাৰ তথা জনপ্ৰতিনিধিক কাতৰ আহ্বান কৰিছে স্থানীয় ৰাইজে। পৰৱৰ্তী সময়ত চৰকাৰ তথা জনপ্রতিনিধিয়ে কি পদক্ষেপ লয় সেয়া সময়ত লক্ষ্যণীয় হ’ব?