11/20/2021 - 15:22
in
লক্ষীপুৰঃ গোৱালপাৰা জিলাৰ অসম মেঘালয়ৰ সীমান্তবর্তী চাটাইমাৰি বজাৰৰ ৫ বিঘা ২ কাটা ৩ লেচা ভূমি বেদখল কৰাৰ অভিযোগ দীর্ঘদিনীয়া।
জানিব পৰা মতে, উত্তৰাধিকাৰী হিচাপে কানাই সাহা, আৰু তেওঁৰ চাৰি ভাতৃৰ নামত অন্তর্ভুক্ত থকা দাগ নং ২৪২,ম্যাদি নং ১২৭ৰ উল্লেখিত ভূমি ডোখৰৰ বিৰুদ্ধে গোৱালপাৰা জিলা আদালত গোচৰ চলি আছে। উল্লেখ্য যে, গোচৰ চলি থকা উক্ত মাটি ডোখৰত বিগত কিছু দিন ধৰি পুনৰ পশু কিনা বেচা কৰাৰ পৰিলক্ষিত হৈছে। যাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক দৃষ্টি আকর্ষণ কৰিবলৈ আবেদন জনায়, ভূমি ডোখৰৰ উত্তৰাধিকাৰী হিচাপে দাবী কৰা কানাই সাহাৰ পৰিয়ালে।