11/21/2021 - 13:23
in
শালবাৰীঃ বাক্সাৰ বাৰাপেটা হাতীদলত নৱ নিৰ্মিত ফেহু ৰাজা নামঘৰ উদ্বোধন বিটিচিৰ কাৰ্যবাহী সদস্য গৌতম দাসৰ। মুখ্যমন্ত্ৰীৰ অসম দৰ্শন আঁচনিৰ অধীনত আঢ়ৈ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে নামঘৰটো।
আজি খোল-তাল বজাই নামঘৰটোৰ চাৰিওফালে পৰিভ্ৰমণ কৰি ধৰ্মীয় ৰীতি-নীতিৰে উদ্বোধন কৰা হয় নামঘৰটো। নামঘৰটোৰ মুখ্যদ্বাৰৰ ফিটা কাটি শুভ উদ্বোধন কৰে বি টি আৰৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য গৌতম দাসে।শুভ উদ্বোধন কাৰ্যসূচীত উক্ত নামঘৰটোৰ বিষয়ববীয়াৰ লগতে মঠনগুৰী সমষ্টিৰ TCCLCৰ সভাপতি বিনয় বৈশ্য, বাৰাপেটা VCDCৰ সভাপতি চন্দ্ৰপ্ৰসাদ দাহাল, বিজেপিৰ গোৱৰ্ধনা মণ্ডলৰ সভাপতি জয়গুৰু ঘোষ, কিষান মৰ্চাৰ গোৱৰ্ধনা মণ্ডলৰ সাধাৰণ সম্পাদক নৰোত্তম বিশ্বাসকে ধৰি গাঁওখনৰ ধৰ্মপ্ৰাণ ৰাইজ উপস্থিত থাকে। ইয়াৰোপৰি MCLA ফাণ্ডৰ পৰা ৩ লাখ টকাকৈ ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া মথনগুৰী সমষ্টিৰ হাতীদলস্থিত নৰসিংহ কীৰ্তনঘৰ, লাৱদাংগুৰী বৰ্মণ চুবাৰ দেউল মন্দিৰ, চেংমাৰী লক্ষ্মী মন্দিৰ আৰু বাৰাপেটা নেপালী বস্তীৰ শিৱ মন্দিৰ নিৰ্মাণৰ বাবে অনুমোদন পত্ৰ প্ৰদান কৰে নেতাগৰাকীয়ে।