06/04/2019 - 14:23
in
ডিব্ৰুগড়ঃ উল্টা কেবৰ পিছত এইবাৰ ডিব্ৰুগড়ৰ যাতায়াতৰ ক্ষেত্ৰত সংযোজিত হ’ব অ’লা বাইক। গুৱাহাটী মহানগৰত চলাচল কৰা চাৰিচকীয়া অ’লা বাহনৰ পিছতে প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ত কোম্পানীটোৱে এই সেৱা আৰম্ভ কৰাৰ বাবে প্ৰস্তুতি চলাইছে।
ইতিমধ্যে এই সেৱা আৰম্ভ কৰাৰ পূৰ্বে চহৰখনৰ বিভিন্ন ঠাইত বিজ্ঞাপন প্ৰচাৰ কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে, দেশৰ ১০০ খন চহৰৰ ভিতৰত উজনি অসমৰ ডিব্ৰুগড় চহৰত পোন প্ৰথমবাৰৰ বাবে এই সেৱা আৰম্ভ কৰিব।
মোবাইল এপ’ৰ জৰিয়তে সহজেই উপলব্ধ হ’ব এই দুচকীয়া বাইকখন। যিকোনো প্ৰথম যাত্ৰীক বিনামূলীয়াভাৱে এই সেৱা আগবঢ়াব। ডিব্ৰুগড়ৰ যাতায়াতৰ ক্ষেত্ৰখনত নতুনকৈ সংযোজিত হোৱা এই সেৱা নিশ্চিতভাৱে আদৰণীয়।