ছোৱালী হোৱাৰ হেঁপাহ পূৰণ জাৰ্মানীৰ এজন যুৱকৰ, লিংগ পৰিৱৰ্তন নকৰাকৈ প্লাষ্টিক ছাৰ্জাৰী

 11/21/2021 - 14:08
 
 
নিউজ ডেস্কঃ জাৰ্মানীৰ এজনে যুৱকে নিজকে যুৱতীৰ দৰে সজাবলৈ কৰিলে প্লাষ্টিক ছাৰ্জাৰী। তাৰ বাবে তেওঁ খৰচ কৰিলে ৫৮ লাখ টকা।যুৱকজনৰ নাম পেট্ৰিক মাষ্ট। ২৭ বছৰীয়া পেট্ৰিক বাস কৰে জাৰ্মানীৰ ফ্ৰেংকফুর্টত। পেট্ৰিকৰ নতুন ৰূপ দেখি সকলো লোক আচৰিত হৈ পৰিছে।তেওঁ নিজে নক’লে কোনেও গমেই নাপায় যে পেট্ৰিক প্ৰকৃততে এজন ল’ৰাহে। পেট্ৰিকে লিংগ পৰিৱৰ্তন কৰা নাই আৰু তেওঁ কেতিয়াও লিংগ পৰিৱৰ্তন কৰিব নিবিচাৰে। মাত্ৰ তেওঁ দেখাতহে যুৱতীৰ দৰে হ’ব বিচাৰিছিল। নিজৰ মনৰ ইচ্ছা পূৰণ কৰিবলৈ পেট্ৰিকে বোটক্স, ফিলাৰ্চ আৰু প্লাষ্টিক ছাৰ্জাৰী কৰাইছিল।
 
চেহেৰা সলনি কৰিবলৈ তেওঁ এটা কঠিন প্ৰক্ৰিয়াৰ মাজেৰে যাব লগা হৈছিল। পেট্ৰিকৰ ব্লিচ কৰা সোণালী চুলি, দীঘল চকুৰ পতা আৰু ওঁঠ দেখি কাৰো জনাৰ সাধ্য নাই যে তেওঁ এজন যুৱক হে যুৱতী নহয়।১৮ বছৰ বয়সতে তেওঁৰ মনত যুৱতীৰ দৰে জীৱন যাপন কৰা সপোনে পোখা মেলিছিল। পেট্ৰিকে এই সন্দৰ্ভত কয় যে, ”মই যুৱতী আৰু পুতলাৰ চেহেৰাটো ভাল পাওঁ। সেয়েহে ময়ো তেনেকুৱা হোৱাৰ কথা ভাবিলোঁ। মই মোৰ চেহেৰাটো সলাবৰ বাবে বহু টকা খৰচ কৰি প্লাষ্টিক ছাৰ্জাৰী কৰিছোঁ । মানুহে মোৰ কথা কি ভাবে বা কি কয় সেয়া মোৰ দৰকাৰ নাই। মোৰ মনে য’ত সুখ বিচাৰি পায় মই সেয়াই কৰিম।” উল্লেখ্য যে পেট্ৰিকৰ এবাৰ বিবাহ বিচ্ছেদ ঘটিছে। এতিয়া তেওঁ এনে এজন জীৱনসংগীৰ সন্ধানত আছে যাৰ পেট্ৰিকৰ প্লাষ্টিকৰ চেহেৰাক লৈ কোনো সমস্যা নাই।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।