11/21/2021 - 15:28
in
লক্ষীপুৰঃ গোৱালপাৰা জিলাৰ লক্ষীপুৰ চহৰৰ কলেজ নগৰত (মিলন নগৰ) আজি পুৱা এগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জনা মতে কলেজ নগৰৰ মিলন নগৰৰ বাসিন্দা কেফাত আলীৰ পুত্ৰ মণিদুল হক (২২) অইন দিনাৰ দৰে যোৱাকালিও সন্ধিয়া ঘৰৰ পৰা ওলাই গৈছিল। নিশা দহ বজালৈ ঘৰলৈ উভতি নোযোৱাত পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰে।
পিছত মণিদুল হকক নাপাই ঘৰলৈ ঘূৰি যায়। পিছে আজি ৰাতিপুৱা ঘৰৰ সমীপতে কলেজৰ কাষত থকা পানী টেংকীৰ তলত মণিদুল হকৰ ক্ষতবিক্ষত মৃতদেহ ৰাইজে প্ৰত্যক্ষ কৰাত এক হুূলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। মণিদুল হকৰ ডাঙৰ ভাতৃ এগৰাকীয়ে কয় যে কোনো অচিনাক্ত দুৰ্বৃত্তই মণিদুলক পূৰ্বপৰিকল্পিতভাৱে অইন কোনো স্থানত হত্যা কৰি পানীৰ টেংকীৰ কাষত পেলাই থৈ যায়।
আজি ৰাতিপুৱা ৮ মান বজাত লক্ষীপুৰ থানাৰ পৰা মাথো দুই শ মিটাৰ মান আঁতৰত পৰি থকা মণিদুল হকৰ মৃতদেহটো থানা লৈ আনে আৰু পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। লক্ষীপুৰ নগৰৰ মাজমজিয়াৰ এই ৰহস্যজনক হত্যাকাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।