দেশৰ ৮৪টা বিমানবন্দৰত স্থাপন কৰা হ'ব ব'ডি স্কেনাৰ

 06/04/2019 - 14:25

ডিজিটেল ডেস্ক: দেশৰ ৮৪টা স্পৰ্শকাতৰ বিমানবন্দৰত অতি শীঘ্ৰেই স্থাপন কৰা হ'ব ব'ডি স্কেনাৰ। গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰতো স্থাপন হ'ব এই অত্যাধুনিক স্কেনাৰ। কেন্দ্ৰীয় চৰকাৰে দেশৰ নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

অসামৰিক বিমান পৰিবহণ বিভাগৰ নিৰাপত্তা বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি ব'ডি স্কেনাৰৰ জৰিয়তে যাত্রীৰ দেহত গোপনে থকা অ-ধাতুৰ অস্ত্র-শস্ত্র তথা বিস্ফোৰক সামগ্ৰীসমূহ সহজে ধৰা পেলাব পাৰি। ফলত বিমানবন্দৰত সঘনে ঘটি থকা অপৰাধসমূহ কমাব কৰা যাব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।