পুনৰ হাফপেণ্ট বিতৰ্ক! যুৱতী নহয়, এইবাৰ হাফপেণ্ট পিন্ধা যুৱকে প্ৰৱেশ কৰিব নোৱাৰিলে বেংকত

 11/22/2021 - 13:11
 
 
 
 
নিউজ ডেস্কঃ এইবাৰ হাফপেণ্ট আকৌ বিতৰ্কৰ মাজত সোমাই পৰিছে। পশ্চিমবংগৰ কলিকতাত এইবাৰ সংঘটিত হৈছে হাফপেণ্ট কাণ্ড আৰু এইবাৰ যুৱতী নহয় যুৱকহে সাঙুৰ খাই পৰিছে। আশীষ নামৰ এজন যুৱকৰ সৈতে ঘটিছে এই কাণ্ড। আশীষে টুইটাৰত নিজৰ ক্ষোভ উজৰাৰ পাছতেই বিষয়টো সকলোৰে দৃষ্টিগোচৰ হয়।
 
যুৱকজনে টুইটাৰত লিখা অনুসৰি তেওঁ কলকাতাৰ ষ্টেটবেংকৰ এটা শাখালৈ হাফপেণ্ট পিন্ধি গৈছিল। কিন্তু বেংকটোৰ ভিতৰত তেওঁক সোমোৱাত বাধা প্ৰদান কৰে নিৰাপত্তাৰক্ষীয়ে। যুৱকজনে ইয়াৰ কাৰণ জানিবলৈ বিচৰাত নিৰাপত্তাৰক্ষীয়ে কয় যে বেংকৰ ভিতৰত হাফপেণ্ট পিন্ধি প্ৰৱেশ কৰাৰ অনুমতি কাকো দিয়া হোৱা নাই। তেওঁক লংপেণ্ট পিন্ধি আহিবলৈ কয় নিৰাপত্তাৰক্ষীয়ে।খঙতে বেংক ত্যাগ কৰি যুৱকজনে মনৰ ক্ষোভ টুইটাৰত প্ৰকাশ কৰে। আশিসে টুইটাৰত কৰা এনে অভিযোগ সন্দৰ্ভত অৱশ্যে এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই কলিকতাৰ ষ্টেট বেংক কৰ্তৃপক্ষই। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।