অসমীয়া ছবিজগতৰ ছুপাৰষ্টাৰ বিজু ফুকন বিহীন পাৰ হ’ল চাৰিটা বছৰ....

 11/22/2021 - 13:23
 
 
 
 
নিউজ ডেস্কঃ অসমীয়া ছবিজগতৰ ছুপাৰষ্টাৰ বিজু ফুকনৰ আজি চতুৰ্থ মৃত্যুবাৰ্ষিকী।৭০ বছৰ বয়সত মৃত্যু হোৱা বিজু ফুকনৰ দেহৱসানৰ খবৰ পাই সেইদিনটোত এপল’ হস্পিটেল, গুৱাহাটীৰ চৌহদত হাহাঁকাৰ কৰিছিল গুণমুগ্ধসকলে।
 
খ্যাতনামা অসমীয়া কথাচলচ্চিত্ৰ ডাঃ বেজবৰুৱাত এটা তেনেই সৰু চৰিত্ৰত প্ৰথমে ভূমুকি কৰা এই গৰাকী অভিনেতাই প্ৰথমে বৰুৱাৰ সংসাৰ চলচ্চিত্ৰত নায়কৰ ৰূপত অভিনয় কৰে আৰু পাছলৈ অসমীয়া চলচ্চিত্ৰৰ এগৰাকী জনপ্ৰিয় নায়কত পৰিণত হয়। বিজু ফুকনে অভিনয় কৰা আজলী নবৌ, বোৱাৰী আদি সৰ্বকালৰ সফল অসমীয়া চলচ্চিত্ৰ বুলি পৰিগণিত।
 
মূলতঃ ব্যৱসায়িক চলচ্চিত্ৰৰ জড়িত হ’লেও বিজু ফুকনে কেবাখনো সমান্তৰাল চলচ্চিত্ৰতো অভিনয় কৰিছে। ভবেন্দ্ৰনাথ শইকীয়া, জাহ্নু বৰুৱাৰ চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও এখেতে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰটো অভিনয় কৰিছে। আৱাহন থিয়েটাৰ আৰু ভাগ্যদেৱী থিয়েটাৰত এখেতে অভিনয় কৰিছিল।অভিনয়েই নহয় ৰাজনীতিতো ভৰি থৈছিল বিজু ফুকনে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।