ডিজিটেল ডেস্কঃ চন্দ্ৰায়নগুট্টা আৰক্ষী চকীৰ অন্তৰ্গত হায়দৰাবাদৰ নুৰি নগৰত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা। মাত্ৰ ৩ লাখ টকাত এজন লোকে বিক্ৰী কৰিলে পত্নী–কন্যাসহ পুৰণি ঘৰ। দুবছৰ পূৰ্বে ফজলুৰ ৰহমান ৰহমানি নামৰ এজন ২৫ বছৰীয়া যুৱকে বিয়া কৰাইছিল ইশৰত পৰবীনক। স্বামী ফজলুৰে বিয়াৰ পাছৰে পৰাই শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাইছিল ইশৰতক।
প্ৰতিদিনে ইশৰতলৈ দাবী আহিছিল পুত্ৰ সন্তান জন্ম দিবলৈ। কিন্তু ইশৰতে জন্ম দিয়ে এটি কন্যা সন্তান। এদিন হঠাৎ কামৰ অজুহাত লৈ ফজলুৰে ঘৰ এৰি গুচি যায়। ফজলুৰে ঘৰ এৰাৰ পিছতে সৰফৰাজ খান, আমজাদ খান আৰু কেইজনমান লোকে ঘৰত সোমোৱাৰ চেষ্টা চলায়।
ঘৰৰ ভিতৰত এনেকৈ অজ্ঞাত লোক উপস্থিত হোৱাত মহিলাগৰাকীয়ে চিঞৰ–বাখৰ লগায়। মহিলাৰ চিঞৰ শুনি ওচৰ–চুবুৰীয়া আহি উপস্থিত হয় ঘৰটোত। তেওঁলোকে কয় যে স্ত্ৰী–কন্যাসহ ঘৰটো ৩ লাখ টকাত বিক্ৰী কৰিছে ফজলুৰ ৰহমান ৰহমানিয়ে। এই আজৱ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।