আজি বালাকোট এয়াৰ ষ্ট্ৰাইকৰ হিৰ' অভিনন্দন বৰ্ধমানলৈ 'বীৰচক্ৰ সন্মান' প্ৰদান

 11/22/2021 - 14:58
 
 
নিউজ ডেস্কঃ সোমবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে বালাকোট এয়াৰ ষ্ট্ৰাইকত বীৰত্ব প্ৰদৰ্শন কৰা অভিনন্দনলৈ বীৰচক্ৰ সন্মান প্ৰদান কৰে। বৰ্ধমানে ২০১৯ৰ ২৭ ফেব্ৰুৱাৰীত পাক বায়ু সেনাৰ বিমান ভূপতিত কৰিছিল অভিনন্দন।বৰ্ধমানক শেহতীয়াকৈ গ্ৰুপ কেপ্টেইন পদলৈ পদোন্নতি দিয়া হৈছিল। ভাৰতীয় বায়ু সেনা বাহিনীৰ উয়িং কামাণ্ডাৰ অভিনন্দন বৰ্ধমানে ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত মিগ বিমানেৰে পাকিস্তানৰ এখন এফ-১৬ যুঁজাৰু বিমান ভূপতিত কৰিছিল। অভিনন্দন বৰ্ধমানৰ বিমানো দুৰ্ঘটনাগ্ৰস্ত হৈছিল আৰু অভিনন্দন বৰ্ধমান পাকিস্তানী সেনাৰ হাতত বন্দী হ’বলগীয়া হৈছিল।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।