11/22/2021 - 16:07
in
মানকাচৰঃ মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই যেন লগ এৰা নাই ফকিৰগঞ্জ অঞ্চলবাসীক। হতাশাৰ মাজেৰে পাৰ কৰিবলগা হৈছে দিন-ৰাতি।
বাৰিষা কিম্বা খৰালি উভয় বতৰতে চলিছে খহনীয়াৰ তাণ্ডৱ। নদীৰ বুকুত জাহ গৈছে এটাৰ পাছত আন এখন গাঁও, বজাৰ, শিক্ষানুষ্ঠান। নামনি অসমৰ দক্ষিণ শালমাৰা সমষ্টিটোৰ ফকিৰগঞ্জ, মাটিফাটা অঞ্চলত আজিও অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়াৰ তাণ্ডৱ। সপ্তাহ ধৰি খৰালিতো খহনীয়াই ৰুদ্ৰ মূৰ্তী ধাৰণ কৰাত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। সাংবাদিকৰ কেমেৰাৰ আগত খহনীয়াৰ ভয়াৱহতাৰ বৰ্ণনা দিয়ে এগৰাকী ভুক্তভোগী মহিলাই। এয়া এক বাস্তৱ জীৱনৰ কৰুণ বিননিহে। বছৰটোত প্ৰায় ডেৰ হাজাৰোধিক লোকে মাটি-ভেটি হেৰুৱাই হবলগা হৈছে সৰ্বস্বান্ত। মাটিফাটা অঞ্চলটো ৰক্ষাৰ বাবে আজিও নহ’ল খহনীয়াৰ স্থায়ী সমাধান। বিধায়ক সাংসদৰ নিৰৱ ভূমিকাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে।