হাটশিঙিমাৰীত ব্ৰহ্মপুত্ৰৰ বুকুত অবৈধ বালিখনন

 11/22/2021 - 19:40
 
 
মানকাচৰঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সুখচৰ, বাংৰীৰচৰ এলেকাত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অব্যাহত আছে অবৈধ বালিখনন কাৰ্য৷ জিলাখনৰ ব্ৰহ্মপুত্ৰৰ বুকুত একাংশ বালি মাফিয়াই চলাইছে অবৈধ বালি খনন যাৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই নৈপৰীয়া অঞ্চল কোকৰাডাঙাৰ পৰা সুখচৰলৈকে ভাবুকি সৃষ্টি কৰিছে৷ বালি মাফিয়াই কেইটাও ট্ৰেক্টৰ লগাই ১৫/২০ ফুটলৈকে দ গাঁত খান্দি চলাই আছে অবৈধ বালি খনন কাৰ্য্য৷ এনে অবৈধ বালি খনৰ ফলত চিন্তিত হৈছে নৈ পৰীয়া ৰাইজ৷ স্থানীয় ৰাইজে বাৰম্বাৰ বাধা প্ৰদান কৰাৰ পিছতো বালি মাফিয়াই অব্যাহত ৰাখিছে বালিখনন যাৰবাবে স্থানীয় ৰাইজে উপায়ন্তৰ হৈ হাটশিঙিমাৰী বন বিভাগক ব্ৰহ্মপুত্ৰৰ পাৰত অবৈধ বালি খনন কাৰ্য্য বন্ধ কৰিবলৈ লিখিত অভিযোগ দাখিল কৰিছে যদিও কোনো গুৰুত্ব নাই হাটশিঙিমাৰী বন বিভাগৰ যাৰ বাবে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নৈ পৰীয়া ৰাইজৰ৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।