দিল্লীত মহিলা যাত্রীসকলৰ যাত্রা বিনামূলীয়া কৰিলে কেজৰিৱাল চৰকাৰে

 06/04/2019 - 15:23

ডিজিটেল ডেস্ক: দিল্লীৰ মহিলা যাত্রীসকলৰ বাবে সুখবৰ। দিল্লীত বাছ আৰু মেট্ৰ'ত মহিলা যাত্রীসকলৰ বাবে কেজৰিৱাল চৰকাৰে বিনামূলীয়া কৰিছে যাত্রা। বিধানসভা নিৰ্বাচনৰ পূৰ্বে দিল্লীত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্ৰদান কৰিছে এই সুবিধা। মুখ্যমন্ত্ৰী কেজৰিৱালে সংবাদমেলৰ জৰিয়তে এই ঘোষণা কৰে। আপ চৰকাৰৰ এই ঘোষণাৰ পিছত মেট্ৰ’ আৰু বাছত যাত্ৰা কৰাৰ সময়ত মহিলাসকলে ল’ব নালাগে ট'কন বা স্মাৰ্ট কাৰ্ড।

এই ঘোষণাৰ পিছতে অৰবিন্দ কেজৰিবালে জনায় যে– ‘দিল্লীত মহিলাসকলে অসুৰক্ষিত অনুভৱ কৰে। দিল্লী চৰকাৰে দিল্লী মেট্ৰ’ আৰু ডিটিচি বাছত মহিলাসকলক ভাৰা ৰেহাই দিবলৈ বিনামূলীয়া যাত্ৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই পদক্ষেপে মহিলাসকলক বিশেষভাৱে সহায় কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে'।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।