অসমৰ ৰাজনীতিৰ মহীৰূহ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আজি প্ৰথম মৃত্যুবাৰ্ষিকী

 11/23/2021 - 12:53
 
 
 
নিউজ ডেস্কঃ অসমৰ ৰাজনীতিৰ মহীৰূহ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী ‘পদ্মভূষণ’ তৰুণ গগৈৰ দেৱৰ আজি প্ৰথম মৃত্যু বাৰ্ষিকী। ৰাজ্যজুৰি অনুষ্ঠিত কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। ১৫ টা বছৰে অসমৰ ৰাজনীতিৰ গুৰিবঠা ধৰা তৰুণ গগৈৰ অৱদানৰ বাবে তেখেতলৈ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা মৰণোত্তৰভাৱে প্ৰদান কৰা হৈছিল চলিত বৰ্ষৰ ভাৰতবৰ্ষৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান ‘পদ্মভূষণ’ বঁটা।
 
পত্নী ডলী গগৈয়ে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা গ্ৰহণ কৰিছিল স্বামীৰ সন্মান।বিগত বৰ্ষৰ ২৩ নবেম্বৰত অসমৰ প্ৰিয় নেতা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মহাপ্ৰয়াণৰ পিছতেই শোকস্তব্ধ হৈ পৰিছিল ৰাজ্যবাসী।প্ৰিয় নেতাগৰাকীক শেষ বাৰৰ বাবে চোৱাৰ হেপাহেৰে বহু লোকে বহু বাট কুৰি বাই আহিছিল গুৱাহাটীলৈ।২৬ নৱেম্বৰত হে পঞ্চভূতত বিলীন হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰদেহ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।