চুঙাজান সীমান্তত পথৰ দুৰৱস্থাই জীয়াতু ভোগাইছে ৰাইজক

 11/23/2021 - 15:13
 
 
 
সৰুপথাৰঃ এশ এবুৰি সমস্যাৰে জর্জৰিত গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বিভিন্ন অঞ্চল। এফালে যদি সীমাৰ সমস্যা, আনফালে আকৌ বাট-পথৰ বিধ্বস্ত ৰূপ। গোলাঘাট জিলাৰ ৯৪নং সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দুখন জিলা সংযোগী এটা বিধ্বস্ত পথ। যি পথৰে ৰোগীক নিবলৈ এশবাৰ ভাবিবলগীয়া হয়। আনকি, যিটো পথে দি অহা-যোৱা কৰে বহু যান-বাহনৰ লগতে বহু সংখ্যক ছাত্র-ছাত্রীও।
 
মুঠৰ ওপৰত যমৰ যাতনা ভুগাইছে পথচাৰী লগতে স্থানীয় ৰাইজক আনকি এই পথে দি বিভিন্ন সময়ত বিভাগীয় কৰ্তৃপক্ষও অহা-যোৱা কৰে, কিন্তু জোখ-মাখ কৰিয়ে দায়িত্ব সামৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। ৰাইজ তথা দল-সংগঠনৰ দাবী অতি সোনকালে যাতে পথটো বনাই দিয়ে। 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।