আন্দোলনৰ বাবে বিধায়ক পদ ত্যাগ কৰিবলৈ সাজু- অখিল গগৈ

 11/23/2021 - 15:47
 
 
 
নিউজ ডেস্কঃ শিৱসাগৰৰ বিধায়ক অখিল গগৈ কামৰূপ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত উপস্থিত। আদালতত উপস্থিত হোৱা সন্দৰ্ভত বিধায়কগৰাকীয়ে কয়, ‘‘মোৰ বিৰুদ্ধে ১৩৫টা গোচৰ আছে। লোহিয়াৰ ভূমি দখলৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছিলো। আৰু সেইবাবেই মোৰ বিৰুদ্ধে বিভিন্ন সময়ত ৰুজু কৰিছিল গোচৰ। সেই গোচৰৰ ভিত্তিতেই আজি উপস্থিত হৈছিলো আদালতত। কালি দুটা গোচৰৰ শুনানি হল, আজি চাৰিটা গোচৰৰ শুনানি হৈছে৷’’
কাইলে আকৌ আদালতত হাজিৰ হ’ব লাগিব অখিল গগৈ।কা’ আন্দোলন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অখিল গগৈয়ে কয়, ‘‘জাতীয় সংগঠনৰ নেতৃত্ব দুৰ্বল হোৱা বাবেই ‘কা’ আন্দোলন স্তিমিত হৈছিল। ৰাজপথৰ আন্দোলন গৈ খেলপথাৰত আবদ্ধ হ'লগৈ। আন্দোলনৰ নামত নাচ–গান হ'ল। এটা কথা খুব শুনিব পাই আছো যে মই আন্দোলন কৰিহে বিধায়ক হ’লো। মোৰ জীৱন আন্দোলনৰ বাবে উছৰ্গিত কৰিছো। আন্দোলনৰ বাবে বিধায়ক পদ ত্যাগ কৰিবলৈও সাজু মই।’’
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.