ডিজিটেল ডেস্কঃ কেৰালাত নিপাহ ভাইৰাছত আক্ৰান্ত হৈছে এজন ২৩ বছৰীয়া ছাত্ৰ। যোৱা ৩০ মে’ত ছাত্ৰজনক নিপাহ ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহত এৰনাকুলামৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হয়। ইতিমধ্যে চিকিৎসকে ছাত্ৰজনৰ দেহত নিপাহ ভাইৰাছৰ অৱস্থিতি নিশ্চিত কৰিছে। জানিব পৰা মতে কিছুদিন পূৰ্বে কেইজনমান বন্ধুৰ সৈতে ছাত্ৰজন তেওঁৰ ইডুক্কীস্থিত ঘৰলৈ গৈছিল।
ছাত্ৰজনৰ লগত আন ৫ জন ছাত্রই একেলগে ইডুক্কীত ৰাতি কটাইছিল। তাতেই ছাত্ৰজন নিপাহ ভাইৰাছৰ সংক্ৰমণৰ বলি হোৱাৰ আশংকা কৰিছে স্বাস্থ্য বিভাগে। আনহাতে ছাত্ৰজনৰ লগত ভ্ৰমণ কৰা আন ২২ জন ছাত্ৰৰ দেহলৈও এই ভাইৰাছ সংক্ৰমণ হোৱাৰ আশংকা কৰি আটাইকেইজনকে চিকিৎসকৰ পৰ্যবেক্ষণত ৰখা হৈছে।
নিপাহ ভাইৰাছে ৰাজ্যখনত সন্ত্ৰাস সৃষ্টি কৰাৰ আগতেই এই সংক্ৰমণ ৰোধ কৰাৰ বাবে তৎপৰ হৈ পৰিছে কেৰালাৰ স্বাস্থ্য বিভাগ। কেৰালাৰ স্বাস্থ্য মন্ত্ৰী কে কে শৈলজাই সকলো জিলা চিকিৎসালয়তে চিকিৎসকসকলক সতৰ্ক হৈ থাকিবলৈ ইতিমধ্যে নিৰ্দেশ দিছে।
তদুপৰি কোনো ব্যক্তিৰ শৰীৰত নিপাহ ভাইৰাছৰ লক্ষণ ধৰা পৰিলে ৰোগীজনক তাৎক্ষণিকভাৱে চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাই তেনে ৰোগী অন্য ব্যক্তিৰ সংস্পৰ্শলৈ যাতে আহিব নোৱাৰে তাৰ প্ৰতি নজৰ দিবলৈ আহ্বান জনাইছে।