ঈদ-উল-ফিটৰ উপলক্ষে আৰ পি আই দলৰ শুভেচ্ছা

 06/04/2019 - 15:42

বৰপেটাঃ ইছলাম ধৰ্মাৱলম্বী লোকসকলে কাইলৈ পালন কৰিব ত্যাগ আৰু ভাতৃত্ববোধৰ প্ৰতীক ঈদ-উল-ফিটৰ। ঈদ-উল-ফিটৰ উপলক্ষে ৰিপাব্লিকান পাৰ্টী অফ ইণ্ডিয়া(এ) চমুকৈ আৰ পি আই দলে সমূহ ৰাইজক শুভেচ্ছা জনাইছে৷ দলটোৰ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক(প্ৰশাসন) ৰেজাউল কৰিমে আজি সংবাদ মাধ্যমৰ জৰিয়তে সমূহ ৰাইজক ঈদ-উল-ফিটৰৰ শুভেচ্ছা জনায়৷

ৰেজাউল কৰিমে ঈদ-উল-ফিটৰৰ শুভেচ্ছা জনোৱাৰ লগতে বৰপেটা জিলাবাসীলৈও এটি সুখবৰ দিয়ে৷ বৰপেটা বাঘবৰলৈ নিৰ্মাণ হ’ব লগা পথটোৰ শুভাৰম্ভ অনুষ্ঠানত ৰিপাব্লিকান পাৰ্টী অফ ইণ্ডিয়া(এ)ৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকিব বুলি ৰেজাউল কৰিমে জানিবলৈ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।