অসম ৰাইফলছৰ ৰাইফলমেন প্ৰণৱজ্যোতি দাসক ‘শৌৰ্য চক্ৰ’ৰে সন্মানিত

 11/24/2021 - 14:47
 
 
 
নিউজ ডেস্কঃ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শৌৰ্য চক্ৰৰে সন্মানিত কৰিছে অসম ৰাইফলছৰ ৰাইফলমেন প্ৰণৱ জ্যোতি দাসক। অৰুণাচল প্ৰদেশৰ লংডিঙত এক অভিযানৰ সময়ত প্ৰদৰ্শন কৰা চৰম সাহসিকতা আৰু দক্ষতাৰ বাবে প্ৰণৱ জ্যোতি দাস এই সন্মান প্ৰদান কৰা হয়। এই তথ্য সদৰী কৰিছে অসম ৰাইফলছে।অসম ৰাইফলছে নিজৰ টুইটাৰ হেণ্ডেলত লিখিছে-”অসম ৰাইফলছৰ সৈনিকক সন্মানীয় শৌৰ্য চক্ৰৰে সন্মানিত কৰা হৈছে। ২০২০ চনত অৰুণাচল প্ৰদেশৰ লংডিঙত এক অভিযানৰ সময়ত দেখুওৱা চৰম সাহসিকতা আৰু বীৰত্বৰ বাবে ২২ নৱেম্বৰত ৬ অসম ৰাইফলছৰ আৰএফএন প্ৰণৱ জ্যোতি দাসক সন্মানীয় শৌৰ্য চক্ৰৰে সন্মানিত কৰা হৈছে।”
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।