গোলাঘাট জিলাৰ ধনশিৰি মহকুমাত সুদীৰ্ঘ ৩৫ বছৰৰ পিছত আৱৰ্ত ভৱনৰ উদ্বোধন বিধায়ক বিশ্বজিত ফুকনৰ

 11/24/2021 - 15:25
 
  
 
 
সৰুপথাৰঃ আজি সৰুপথাৰত বিধায়ক বিশ্বজিত ফুকনে উদ্বোধন কৰে আৱৰ্ত ভৱনটো। প্রায় ডেৰ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা আৱৰ্ত ভৱন আজি সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে লোক নিৰ্মাণ বিভাগৰ বিষয়াৰ উপস্থিতিত ফিটা কাটি মুকলি কৰে।
 
উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি এক সভাও অনুষ্ঠিত হয়। উদ্বোধন কৰি সংবাদ মাধ্যমৰ আগত বিধায়ক গৰাকীয়ে কয় যে আৱৰ্ত ভৱনৰ নিৰ্মাণৰ পাছত সৰুপথাৰ সমষ্টিৰ এক বহুদিনীয়া সমস্যা দূৰ হল বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে ২০০৪ চনৰ নিৰ্মান কৰি এই বছৰ সম্পূৰ্ণ কৰিছিল আৱৰ্ত ভৱনটো।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।