মৰিয়নিত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলি

 11/24/2021 - 16:35
 
 
মৰিয়নিঃ আজি মৰিয়নিত পুৱাই আহি উপস্থিত হয় কেন্দ্ৰীয় মন্ত্রী ৰামেশ্বৰ তেলি, উল্লেখযোগ্য যে, মৰিয়নি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক সভাত আজি ঘৰুৱা গেছ লাইন প্ৰকল্প আৰু ই শ্ৰম কাৰ্ডৰ উদঘাটন প্ৰক্ৰিয়াৰ শুভ আৰম্ভ কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে, এই অনুষ্ঠানত উপস্থিত থাকে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱা, যোৰহাট জিলাৰ উপায়ুক্ত, অসম গেছ কোম্পানীৰ ইন্দ্ৰ গগৈ প্ৰমুখ্যে বিষয়াসকল, সহকাৰী শ্ৰম আয়ুক্ত, বিজেপিৰ জিলা সভাপতি কামাখ্যা মোহন দাস, প্ৰশাসনৰ বিষয়া কৰ্মচাৰী আৰু ভালে সংখ্যক ৰাইজ, এই সভাতেই প্ৰথমে মৰিয়নি নগৰৰ ১০০০০ লোকক ঘৰুৱা গেছ লাইন সংযোগ কৰাৰ কথা ঘোষণা কৰে, পৰৱৰ্তী সময়ছোৱাত মৰিয়নি সমষ্টিৰ ১৭ টা গাঁও পঞ্চায়তত এই ঘৰুৱা গেছ পাইপ লাইনেৰে সামৰি লোৱাৰ কথা জানিবলৈ দিয়ে আৰু ই শ্ৰম কাৰ্ড ৰেজিষ্ট্ৰনৰ যোগেদি ২ লাখ টকা বীমাৰ সুবিধা লাভ কৰিব যিসকলৰ P F জমা নহয় আৰু টেক্স দিব লগা নহয় চৰকাৰৰ ঘৰত।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।