ধুবুৰী-বঙাইগাঁও সীমান্তৱৰ্ত্তী চটো ভাণ্ডাৰাণী গাঁৱত অষ্টম শ্ৰেণীৰ ছাত্ৰীক বলপূৰ্বক ধৰ্ষণ দুই পাষণ্ডৰ

 11/24/2021 - 17:39
 
 
 
 
চাপৰঃ ধুবুৰী-বঙাইগাঁও জিলাৰ সীমান্তৱৰ্ত্তী চটো ভাণ্ডাৰাণী গাঁৱত সংঘটিত হৈছে ধৰ্ষণ কাণ্ড। মানৱ সমাজক লজ্জাজনত কৰা ধৰ্ষণ কাণ্ডই এতিয়া সমগ্ৰ অঞ্চলটোতে সৃষ্টি কৰিছে চাঞ্চল্যৰ। জানিব পৰা মতে মঙলবাৰ সন্ধিয়া চটো ভাণ্ডাৰাণী গাঁৱৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী গৰাকী নিজ ঘৰত দমকলত হাত-ভৰি ধুই থকাৰ সময়ত কোনো নথকাৰ সুযোগ বুজি নাবালিকা ছোৱালীজনীক মুখত সোপা দি বলপূৰ্বকভাৱে উঠাই লৈ গৈ ধৰ্ষণ কৰাৰ অভিযোগ। অকল ধৰ্ষণ কৰাতে ক্ষান্ত নাথাকি মাৰধৰো কৰাৰ অভিযোগ দুই পাষণ্ডৰ বিৰুদ্ধে।
 
ধৰ্ষণকাৰী এগৰাকীৰ নাম নাছিৰ উদ্দিনৰ পুত্ৰ ৰবিউল ইছলাম বুলি জানিব পৰা গৈছে। আন গৰাকীক এতিয়ালৈ চিনাক্ত কৰিব পৰা হোৱা নাই। ৰবিউল ইছলামৰ ঘৰ কোকৰাঝাৰ জিলাৰ দেওডোবা গাঁৱত বুলি জানিব পৰা গৈছে। ঘটনা সংক্ৰান্তত ইতিমধ্যে ভুক্তভুগীয়ে বিদ্যাপুৰ আৰক্ষী চকীত এখন এজাৰৰ দাখিল কৰিছে। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। এফালে বঙাইগাঁও জিলাত অসম চৰকাৰৰ বিশেষ কেবিনেট বৈঠক অনুষ্ঠিত হৈছে আনফালে ধৰ্ষণৰ দৰে জঘন্য ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। যি সময়ত বেটি বাচাও বেটি পঢ়াও শ্ল’গান বিজেপি চৰকাৰে গাই ফুৰিছে তেনে সময়ত ৰাজ্যত ধৰ্ষণ দৰে জঘণ্য ঘটনা বৃদ্ধি হৈছে। আৰক্ষীয়ে এই দুই পাষণ্ডৰ বিৰুদ্ধে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে এয়া সময়ত লক্ষ্যণীয় হ’ব?
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।