ছাত্ৰ-ছাত্ৰীৰ অভাৱৰ বাবেই বন্ধ হ'ল এখন চৰকাৰী বিদ্যালয়

 06/04/2019 - 16:02

কামপুৰঃ ৰাজ্যৰ শিক্ষা বিভাগে শিক্ষাৰ নীতি যিমানেই পৰিবৰ্তন নকৰক কিয় পয়ালগা চৰকাৰী শিক্ষা ব্যৱস্থাৰ বাবেই বন্ধ হ’ব লগা হৈছে চৰকাৰী বিদ্যালয়৷ ছাত্ৰ-ছাত্ৰীৰ অভাৱৰ বাবেই বন্ধ হ'ল নাহৰ ৰাজখোৱা প্ৰাথমিক বিদ্যালয়খন৷ কঠিয়াতলী শিক্ষাখণ্ডৰ অন্তৰ্গত পূব তেতেলিসৰা নাহৰ ৰাজখোৱা প্ৰাথমিক বিদ্যালয়খন ১৯৮২ চনতে প্ৰতিষ্ঠা লাভ কৰিছিল৷

কিন্তু বিগত পাঁচ মাহ ধৰি এজনো ছাত্ৰ-ছাত্ৰী নথকাৰ বাবে বিদ্যালয়খন বন্ধ হৈ আছে৷ ২০১৮ বৰ্ষত ৫ জন ছাত্ৰ-ছাত্ৰী আছিল যদিও ২০১৯ বৰ্ষত এজনো ছাত্ৰ-ছাত্ৰীয়ে নাম ভৰ্তি নকৰিলে বিদ্যালয়খনত৷ স্থানীয় লোকৰ মতে চৰকাৰী বিদ্যালয়খনৰ শিক্ষা ব্যৱস্থা একেবাৰে নিম্নমানৰ৷ সেয়ে ছাত্ৰ-ছাত্ৰীয়ে নাম ভৰ্তি নকৰে বিদ্যালয়খনত৷

ব্যক্তিগত বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰীসকল ধাপলি মেলাৰ ফলত বন্ধ হ’ব লগা হ'ল বিদ্যালয়খন৷ উল্লেখ্য যে শিক্ষা বিভাগে গুণোৎসৱ পাতি চৰকাৰী বিদ্যালয়সমূহৰ শিক্ষাৰ গুণগত মানদণ্ড বৃদ্ধি কৰাৰ চেষ্টা কৰিছে যদিও তেনে সময়তে একাংশ শিক্ষকৰ শিক্ষাদান নিম্ন মানৰ হোৱাৰ বাবেই এখনৰ পাছত সিখনকৈ বন্ধ হ’ব ধৰিছে চৰকাৰী বিদ্যালয়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।