সৰুপথাৰত হিন্দু জাগৰণ মঞ্চৰ উদ্যোগত লাচিত দিৱস পালন

 11/24/2021 - 17:56
 
 
 
 
সৰুপথাৰঃ আজি বীৰ লাচিত দিৱস। হিন্দু জাগণৰণ মঞ্চ প্রখণ্ড সমিতিৰ উদ্যোগত আৰু নাওজান স্থানীয় ৰাইজৰ সহযোগত এই দিৱস পালন কৰা হয়। পুৱাই পতাকা উত্তোলনৰ পাছত বীৰ লাচিত বৰফুকনৰ প্ৰতিচ্ছবিত মাল্যঅৰ্পন কৰে। কণ কণ শিশুসকলৰ বাবে চিত্ৰাকন, ৰচনা, কুইজ প্ৰতিযোগিতা এদিনীয়া কাৰ্য্যসূচীৰে আয়োজন কৰে। ইয়াৰ পাছতে চেৰবাহাদুৰ ছেত্রীৰ সভাপতিত্বত অনুষ্ঠিত কৰা মুকলি সভাত নিদিষ্ট বক্তা কেশৱ ভূঞা, মুখ্য অতিথি ৰূপে থাকে শশাংক জিৎ বৰা, ৰনজিত বৰাকে ধৰি বহুতো গন্যমান্য ব্যক্তি উপস্থিত থাকে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।