কঠীয়াতলীত লাচিত দিৱস উদযাপন

 11/24/2021 - 18:35
 
 
 
 
কামপুৰঃ আজি লাচিত দিৱস। সমগ্ৰ ৰাজ্যজুৰিৰ লগতে আজি নগাঁও জিলাৰ কঠীয়াতলীত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ কঠীয়াতলী শাখাৰ উদ্যোগত পালন কৰা হয় এই দিৱস। কাৰ্যসূচী অনুসৰি পুৱা স্বচ্চতা অভিযান, পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, বীৰ লাচিত বৰফুকনৰ প্ৰতিচ্চবিত মাল্যাৰ্পণ, বৃক্ষৰূপণ আৰু দিনৰ ভাগত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন ধৰনৰ প্ৰতিযোগীতা অনুষ্ঠিত হয়। জানিব পৰা মতে উক্ত প্ৰতিযোগিতাত স্থান প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলক বঁটা প্ৰদান কৰা হব।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।