কামপুৰৰ পূৱতেতেলীসৰা গাঁৱত ৰাস উৎসৱৰ সামৰণিঃ অন্তিম দিনা বালিবধ ভাওনা প্ৰদৰ্শন

 11/26/2021 - 12:12
 
 
 
 
 
কামপুৰঃ কামপুৰৰ পূৱতেতেলীসৰা গাঁৱত দুদিনীয়াকে উদযাপন কৰা ৰাস মহোৎসৱৰ বৃহস্পতিবাৰৰ নিশা সামৰণি পৰে। বৃহস্পতিবাৰৰ নিশা প্ৰদৰ্শন কৰা হয় গুৰুজনাৰ অপূৰ্বসৃষ্টি ভাওনা।
 
"বালি বধ" ভাওনা প্ৰৰ্দশন কৰি দৰ্শকক আপ্লুত কৰে। ভাওৰীয়াসকলৰ নৃত্য প্ৰদৰ্শনে দৰ্শকক আপ্লুত কৰি তোলে। উল্লেখ্য যে মহাপুৰুষজনৰ এই অপূৰ্ব সৃষ্টিক সাৱলিল ভাব ভংগিমাত প্ৰদৰ্শন কৰি নৱপ্ৰজন্মৰ মাজত জীয়াই ৰখাৰ যি প্ৰচেষ্টা লৈছে তাক সকলোৱে শলাগ লৈছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।