বাক্সাৰ খাগ্ৰাবাৰীত ভালুক উদ্ধাৰ

 11/26/2021 - 12:59
 
 
শালবাৰীঃ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বনাঞ্চলৰ পৰা জনাঞ্চললৈ প্ৰৱেশ কৰি সন্ত্ৰাস চলোৱা এটা ভালুকক অৱশেষত আবদ্ধ কৰিলে বন বিভাগে। বাঁ‌হবাৰী বনাঞ্চলিক বিষয়া বাবুল ব্ৰহ্ম আৰু সহকাৰী বন বিষয়া অলকেশ দাসৰ নেতৃত্বত বন বিভাগৰ এটা দলে আবদ্ধ কৰে ভালুকটোক।
 
বিগত এসপ্তাহ ধৰি কালপানী, খাগ্ৰাবাৰী, বাৰেঙাবাৰী আদি অঞ্চলত সন্ত্ৰাস চলাইছিল ভালুকটোৱে। শুকুৰবাৰে খাগ্ৰাবাৰীৰ এঘৰ লোকৰ বাসগৃহত প্ৰবেশ কৰাৰ সময়তে বন বিভাগে ট্ৰেংকুলাইজ কৰি ভালুকটোক আবদ্ধ কৰে। পৰৱৰ্তী সময়ত ভালুকটোৰ স্বাস্থ্য পৰীক্ষা কৰি মানাহৰ ঘন জংঘলত মুকলি কৰি দিয়া হয়। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।