আঘোনৰ পথাৰত দাৱনীৰ উচুপনি

 11/26/2021 - 13:51
 
 
 
কাকপথাৰঃ এতিয়া আঘোণৰ পথাৰত সোণগুটি বুটলি খেতিয়কে সপোন ৰছাৰ সময়। বছৰটোলৈ ভাত মুঠি যোগাৰ কৰিবলৈ যি সময়ত গাঁৱৰ পুৰুষ মহিলা সকলোৱে পথাৰত উবুৰি খাই পৰে, ঠিক সেই সময়তে ধাননী পথাৰত কৃষকে হুমুনীয়াহ কাঢ়ি গৰু বান্ধিব লগীয়া হৈছে তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ডিৰাক পথাৰত। কাৰণ খৰং বতৰ। সময়ত বৰষুণ নাই।
 
খেতিয়কে কঠিয়া ৰুলে, কিন্তু ৰোৱা পথাৰত মেলিলে চিৰাল বাট। জলসিঞ্চনৰ ব্যৱস্থা নাই। ধানৰ গোজাত পোখা নেমেলিল, গেৰ ও নধৰিল। গতিকে খেতিয়কে ধান কৰ পৰা পাব। বহুতৰ কাছি ল'বলৈকো উপাই নাই। পাতৰ মাজে মাজে দুই এঠোক ধান, বাকীবোৰ পতান।
 
যিবোৰ পথাৰত প্ৰতি বিঘাই ২৫ৰ পৰা ৩০/৩২ ভাৰ ধন পাই সেই পথাৰত এইবাৰ বিঘাত হয়তো এভাৰো ধান নোলাব। হা-হুমুনিয়াহ কাঢ়ি কৃষকে মূৰে কপালে হাত দিয়াৰ বাহিৰে উপায় নাই। বতৰৰ আগজাননী পাই খেতিয়কে এইবাৰ এইচ, ডি, এফ, দি বেংকত ফচল বীমা কৰাইছিল। কিন্তু সেইয়াও এতিয়া ফুটুকাৰ ফেন। ধান দাবলৈ নাপাই ধাৱনীয়ে পথাৰত পাতিছে বিয়নীৰ মেল। ৰাইজৰ আহ্বান চৰকাৰে আমাক সাহাৰ্য্য দিয়ক।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।