বিশ্বনাথ নগৰত AIKS/CITU বিশ্বনাথ জিলা সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী

 11/26/2021 - 14:35
 
 
 
 
 
 
বিশ্বনাথঃ AIKS/CITU বিশ্বনাথ জিলা সমিতিৰ বিশ্বনাথ নগৰত শুকুৰবাৰে তীব্ৰ আন্দোলন কাৰ্যসূচী। কৃষক বিৰোধী কৃষি আইন সংসদত প্ৰত্যাহাৰ কৰা আৰু শ্ৰমিক বিৰুধী শ্ৰম সংহিতা বাতিলৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে।
 
বিশ্বনাথ নগৰৰ বীণাপাণি নাট্য সমাজ প্ৰেক্ষাগৃহৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে প্ৰতিবাদকাৰী সকলে।
 
প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লেকাৰ্ড লৈ পথসভা অনুষ্ঠিত কৰি দেশৰ সংবিধান আৰু গণতন্ত্ৰ ৰক্ষা কৰক, কৃষক উচ্ছেদ বন্ধ কৰক, কৃষকৰ ওপৰত চলি থকা অত্যাচাৰ বন্ধ কৰক, কৃষক বিৰুধী দেশ বিৰোধী তিনিটা কৃষি কলা আইন বাতিল কৰক, মাটিৰ পট্টা আদায় দিয়ক, বিকল্প ব্যবস্থা অবিহনে কৃষক উচ্ছেদ বন্ধ কৰক, মূল্যবৃদ্ধি বন্ধ কৰক ইত্যাদি শ্ল’গান প্ৰদৰ্শন কৰে প্ৰতিবাদকাৰীসকলে।
 
বিশ্বনাথ নগৰত এই পথ সভা শেষ কৰিয়ে প্ৰতিবাদকাৰীসকলে বিশ্বনাথ নগৰৰে সমদল কৰি বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ৰ জৰিয়তে প্ৰধানমন্ত্ৰী গৰাকীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।